Posts

কাৰোবাৰ বিষয়ে সমালোচনা কৰা আগে তিনিটা প্ৰশ্ন নিজক শুধক…What were the teachings of Socrates?

Image
What were the teachings of Socrates? #চক্ৰেটিছৰ শিক্ষা চক্ৰেটিছ আছিল এক মহৎ বিদ্বান। এদিন এজন ব্যক্তি তেওঁক লগ কৰিব আহিল৷   ব্যক্তিজনে চক্ৰেটিছক কলে- - আপুনি জানেনে, আপোনাৰ বন্ধুৰ কথা মই কি শুনিবলৈ পাইছো?  চক্ৰেটিছে কলে-  - ৰব ৰব! আপুনি আমাৰ বন্ধু সম্পৰ্কে কোৱাৰ আগে মই মোৰ তিনিটা প্ৰশ্নৰ জৰিয়তে আপোনাৰ কবলগীয়া কথাখিনিৰ পৰীক্ষা লব বিচাৰিম৷   তিনিটা প্ৰশ্ন? - সেই ব্যক্তিজনে কলে৷  - অন্যৰ সম্পৰ্ক কোনো কথা কোৱাৰ আগে আপুনি জনা প্ৰয়োজন যে আপুনি কি কব বিচাৰিছে৷   প্ৰথম প্ৰশ্নটি সত্যৰ বাবে৷ আপনি যি কব উলাইছে সেয়া সত্য বুলি আপুনি প্ৰমান পাইছেনে? চক্ৰেটিছে প্ৰশ্ন কৰিলে৷   - নহয়! মই কেৱল এই সম্পৰ্কে শুনিছো ...  - খুব ভাল৷ গতিকে আপুনি নাজানে যে কবলগীয়া কথাবোৰ সত্য নে অসত্য।   এতিয়া আপোনাক দ্বিতীয় প্ৰশ্নটো সুধো, যি ভাল ভাবৰ বিষয়টো নিশ্চিত কৰিব।   আপুনি আমাৰ বন্ধু সম্পৰ্কে ভাল কোনো কথা কব বিচাৰিছেনে ?  - নহয়! বৰং ইয়াৰ বিপৰীত - তেওঁ কলে  - অৰ্থাৎ আপুনি মোক তেওঁৰ সম্পৰ্কে বেয়া কথা কব বিচাৰিছে আৰু সেইসম্পৰ্কে আপুনি সত্য হয়নে নহয় তাকো নাজানে। হব পাৰে আপনি এতিয়াও মোৰ পৰীক্ষাত উত্তীৰ্ণ হব পাৰে

জীৱনত যদি কেতিয়াবা দুখী হয় এই কাহিনীতো পঢ়ক

Image
জীৱনত যদি কেতিয়াবা দুখী হয় এই কাহিনীতো পঢ়ক… কি শিকিলে কি বুজিলে জনাবলৈ নাপাহৰিব…😊 গুৰুতৰভাবে অসুস্থ দুজন ব্যক্তিক এখন হস্পিতেলত  ভৰ্তি কৰা হৈছিল, তেওঁলোকক হস্পিতেলৰ একেই ৰুমতে স্থানান্তৰিত কৰা হৈছিল আৰু দুয়ো ৰোগীৰ বিছনা ওচৰা  ওচৰিকৈ সংলগ্ন আছিল।  এজন ৰোগীক খিৰিকীৰ কাষৰ বিছনা দিয়া হৈছিল আৰু তেওঁক দুপৰীয়া এক ঘন্টা বাবে বিছনাখনত বহাৰ অনুমতি দিয়া হৈছিল৷   আনহাতে অন্য ৰোগীজনক সমস্ত সময় নিজৰ পিঠি পেলাই বিছনাত সমানকৈ শুই থাকিবলৈ অনুমতি দিয়া হৈছিল৷  দ্বিতীয় দিনা, দুয়োজন ৰোগীৰে ইজনে সিজনৰ লগত কথা-বাৰ্তা আৰম্ভ হল৷ দুয়োজনে নিজৰ জীৱন, নিজৰ চাকৰি, লৰা ছোৱালী আৰু পত্নীৰ সম্পৰ্কে কথা পাতিছিল৷ এদিন সমানকৈ পিঠি দি পৰি থকা ৰোগীজনে খিৰিকী কাষৰ ৰোগীজনক সুধিলে যে তেওঁ কব পাৰিবনে খিৰিকীৰ বাহিৰত কি হৈ আছে৷ কাৰন তেওঁ অত্যন্ত আমনি পাইছে৷   সেইদিনা খিৰিকীৰ কাষত থকা ৰোগীজনে খিৰিকীৰ বাহিৰত থকা সমস্ত বস্তুৰ বৰ্ণনা দিয়া আৰম্ভ কৰিলে। তেওঁ জনালে যে বাহিৰত এটি সুন্দৰ হ্ৰদ আৰু এখন সুন্দৰ পাৰ্ক আছে। বহু শিশুয়ে পাৰ্কত খেলি আছে।  খুব সুন্দৰ সুন্দৰ ফুল আছে।  হাঁহবোৰে হ্ৰদত সাঁতুৰি আছে।  দূৰৰ এটি ৰাস্তা দেখা যায় যাৰ উপৰ

নেলচন ম্যান্ডেলাৰ অনুপ্ৰেৰণামূলক এটি কাহিনী

Image
ব্যক্তিসকলৰ জীৱন বহু অনুপ্ৰেৰণামূলক ঘটনাৰে ভৰা হয়। তাৰ ভিতৰত কোনটো সকলোতকৈ ভাল, সেয়া কব পৰা নাযায়। প্ৰত্যেকৰেই নিজস্ব মহত্ব আছে। মোক নেলচন ম্যান্ডেলাৰ জীৱন ৰপৰা লোৱা এক কাহিনীয়ে সৰ্বাধিক প্ৰভাৱিত কৰি আহিছে৷  নেলচন ম্যান্ডেলা দক্ষিণ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাঙ্গ ৰাষ্ট্ৰপতি আছিল। ৰঙ বৰ্ণ বৈষম্য নীতিৰ বিৰুদ্ধে বহু দীৰ্ঘ সময় যুদ্ধ কৰিছিল, যাৰ কাৰণে তেওঁৰ 27 বছৰ কাৰাগাৰত কটাব লগীয়া হৈছিল৷ জেলত তেওঁ কয়লা খনিতো কাম কৰিব লগা হৈছিল৷ মই এই কাহিনী বহুবাৰ পঢ়িছো আৰু প্ৰতিবাৰ এই কথা মনলৈ আহে যে প্ৰতিশোধৰ অনুভূতিয়ে উভয় পক্ষকে আঘাত কৰে। নেলচন ম্যান্ডেলাৰ মহাত্মা গান্ধীৰ প্ৰতি অত্যন্ত শ্ৰদ্ধা আছিল, আৰু তেওঁক গুৰু হিচাবে মানিছিল আৰু গান্ধীৰ আদৰ্শৰ দ্বাৰা খুব প্ৰভাৱিত হৈছিলে আৰু নিজৰ জীবনতো তাকে পালন কৰিছিল।   কাৰোবাক ক্ষমা কৰাৰ ইয়াতকৈ ডাঙৰ উদাহৰণ আপুনি বিচাৰি নাপাব৷ সঁচাকৈয়ে কোৱা হয় যে- “অহিংসা দুৰ্বল মানুহৰ বাবে নহয় শক্তিশালীৰ বাবেহে এটি অস্ত্ৰ।”   আঁহক এতিয়া কাহিনীটোলৈ - এবাৰ দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত, মিঃ নেলচন ম্যান্ডেলা তেওঁৰ দেহৰক্ষী লগত লৈ কোনোবা ঠাইলৈ গৈ থাকোতে বাটত এখন হোটেল